মন যায় বহাগী বিদায় ক্ষণত
নৱনীতা তালুকদাৰ


“ঐ চকলা টেঙাটি অকলে নেখাবি , ঐ আমাকো এচকল দে.....
ৰঙাগড়াৰ তললৈ এনেকৈ নেযাবি......এই আমাকো লগতে নে ঐ ঐ.....”
বছৰটোৰ এটি মাথোঁ দিন, যিটো দিনৰ কাৰণে আমি সকলোৱে অধিক আগ্ৰহেৰে বাট চাই থাকোঁ। সেই দিনটিয়েই হৈছে "মন যায় বহাগী বিদায়"। অতি আনন্দেৰে, অতি আগ্ৰহেৰে, অতি উৎসাহেৰে আৰু অতি উলাহেৰে আমাৰ মন যায় বিহুখন আয়োজন কৰা হয় । এই মন যায় বিহুখনৰ নামাকৰণ কৰা হয় ২০০৭ চনত আৰু এই বিহু খন পোনপটীয়াকৈ আগবঢ়াই লৈ যোৱা হয় ২০১৬ চনৰ পৰা। প্ৰতিজন অসমীয়াই জানে বিহুৰ মহত্ব প্ৰকৃততে কি আৰু সেইকাৰণে ভালকৈ উপলব্ধি কৰে। এই বিহু হৈছে অসমীয়াৰ হাড়ে হিমজুৱে গঢ়া এখন কলাকৃষ্টিৰ স্থান। সেইবাবে এই "মন যায়" আজিৰ এই ক্ষণত পৰিয়ালৰ সকলো সদস্য- সদস্যা, লৰা- ছোৱালী, বন্ধু বান্ধৱীৰ মাজত অতি চিৰ স্মৰণীয় হৈ ৰ'ল। সকলোৰে মুখত "মন যায়" শব্দটো শুনিলেই কিবা গৰ্বিত ভাৱ যেন অনুভৱ হয়। এইবাৰো ১১ মে ২০২৪ ত "মন যায় বহাগী বিদায়" পালন কৰাৰ সময় আহি গ'ল। এই বিশেষ দিনটোত মন যায় পৰিয়ালৰ সকলো সদস্যবৃন্দই পুৱাৰ পৰাই এক গোট হৈ পতাকা উত্তোলনৰ লগতে সমবেত সংগীত "শ্ৰীময়ী অসমী" ৰে আৰম্ভ কৰা হয়। তাৰ কিছু বেলিৰ পিছতেই সকলো সৰু লৰা ছোৱালী, ডেকা গাভৰুৰ পৰা আদি কৰি ডাঙৰলৈ বিভিন্ন ধৰণৰ খেল- ধেমালি, অংকন প্ৰতিযোগিতা, একক সংগীত, একক নৃত্য, দলীয় সংগীত, দলীয় নৃত্যৰে আগবঢ়াই লৈ যোৱা হয়। আবেলিৰ সময়খিনিত এখন আমন্ত্ৰিত শিল্পীৰ দ্বাৰা মুকলি বিহুৰো(হুঁচৰি )আয়োজন কৰা হয়। এই মুকলি বিহুখনত হুঁচৰি দলটোৰ লগতে "মন যায়"ৰ সমূহ সদস্য- সদস্যাবৃন্দয়ো যোগদান কৰে। মুঠতে চালে চকুৰোৱা হৈ যায় পৰিৱেশটো ।এইবাৰ "মনযায়"ত আৰু এটা নতুন অনুষ্ঠান যোগ হৈছে। সেইটো হৈছে "NESTLE MILKMAID DESSART CONTEST" এই অনুষ্ঠানটোৰ দ্বাৰা সমূহ সদস্যাসকলৰ ভিতৰত লুপ্ত হৈ থকা প্ৰতিভা প্ৰকাশ পোৱা যায়। ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে আমাৰ সকলোৰে মৰমৰ কাবেৰী গগৈ ডেকাই।তাৰ পিছত বিহু বুলি এসাজ জলপান, পিঠা, লাৰু আদিৰেও সকলোকে আপ্যায়ন কৰা হয়। লাহেকৈ আন্ধাৰ নামি অহাৰ লগে লগে সকলোৰে প্ৰিয় "মন যায়" অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰে মুকলি কৰা হয়। এই ক্ষণতেই "মন যায়" ৰ নিমন্ত্ৰিত অতিথিক সাদৰ - সম্ভাষণ জনোৱা হয় আৰু পৰিয়ালৰ সমূহ সদস্যা/ গৃহিনীয়ে আমাৰ অতিকৈ মৰমৰ "মন যায়" সমবেত সংগীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়।এই গীতটি ৰচনা কৰিছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মানসী বায়ন বাইদেওয়ে আৰু সুৰ দিছিল আমাৰ মৰমৰ শ্ৰীমতী মুনমী দুৱৰাই। গীতটি সম্পূৰ্ণ হোৱাৰ পিছত এটাৰ পিছত এটাকৈ সাংস্কৃতিক সন্ধিয়াৰ পাতনি মেলা যায়। সদৌ শেষত নিমন্ত্ৰিত অতিথি তথা গায়ক - গায়িকাৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়। লগতে ৰাতিৰ আহাৰ সাজো পৰিয়ালৰ সকলো লোকৰ দ্বাৰা গ্ৰহণ কৰা হয়।
এইবাৰো ১১ মে ২০২৪ ত মন যায় বহাগী বিদায় অনুষ্ঠিত কৰা হৈছে। গতিকে, অনুষ্ঠানটো অতি সুন্দৰকৈ আগবঢ়াই নিয়া প্ৰতিজন সদস্য -সদস্যালৈ মোৰ ফালৰ পৰা অশেষ মৰম, শুভকামনা আৰু ধন্যবাদ জ্ঞাপন কৰিছো।