মনযায় গীত
The MONJAAI Theme Song
গীতিকাৰ-মানসী বায়ন সুৰ- মুনমী দুৱৰা


মনৰ বতৰা বিলাই বিলাই
হাঁহিৰে হিয়াত পুলক জগাই
মৰম আকাশ চুই চাবলৈ
মন যায় যায় মন যায়
আমিও কৰোঁ ৰং ধেমালি
তথাপি নাযাও, সোঁতত উটি
দুখো ভৰি আছে কুলাই কুলাই
সাহস আছে পিছে ভগাই লোৱাৰ
মন যায় যায় মন যায়
যদি মন যায় আহা আগুৱাই
হেৰুৱা সময় নাপাবা দুনাই
ভিন ভৰ নাই বাধাও নাই
হাততে হাত দিয়াহি মিলাই
মন যায় যায় মন যায়