"মন যায়"- এক অবিৰত যাত্ৰা...

প্ৰতুল বৰকটকী


২০০৭
/০৮ চন মানৰ কথা। কৰ্মৰ সন্ধানত বিভিন্ন ঠাইৰ পৰা আহি কেইজনমান যুৱক গুৱাহাটী থিতাপি লৈছেহি। তাৰে দুজন মান থাকে জু ' তিনি আলিৰ শান্তিপথৰ হাউচ নং-১৩, এটা গৰাকী বিহিন ঘৰত লাহে লাহে এই ঘৰতে বাকী বন্ধু বোৰো আহি গোট খাই আদ্দা মাৰিবলৈ আৰম্ভ কৰিলে। আদ্দা মানে কোনো সস্তীয়া গছিপ নাছিল আছিল বহুতো কনষ্ট্ৰাকটিভ কথাৰ আলোচনা। এই আলোচনা চলি থকাৰ মাজতে কাৰোবাৰ হঠাৎ মনত পৰে আজি অমুকৰ জন্ম দিন। বছ, একো চাবলৈ নাই, লাগিলে তেতিয়া নিশা ১১/১২ বাজক, যুৱক কেইজনে হাতত কেক মিঠাই লৈ গৈ কলিং বেল বজায়গৈ। কাৰোবাৰ বিবাহ বাৰ্ষিকী নিশা যিমানেই নহওঁক এই যুৱক কেইজনে গৈ কলিং বেল বজাই গৃহস্থক উঠাই বিবাহ বাৰ্ষিকী উদযাপন কৰে।লাহে লাহে বন্ধুৰ সংখ্যা বাঢ়ি আহিল। এনেদৰে বহুতৰ বিবাহ বাৰ্ষিকী, জন্ম দিন পালন কৰি থকাৰ মাজতে আৰম্ভ ' পিকনিক। বছ, আৰু কোনে পাই। ঢোলে দগৰে পিকনিক খাবলৈ যোৱা ডেকা গাভৰু হতৰ মন ' হঠাতে 'ৰবাত বাছ ৰখাই বিহু মাৰিবলৈ আৰম্ভ কৰি দিলে। যুৱক যুৱতীৰ দলটোৱে মনলৈ যি আহে তাকেই কৰে। যি "মন যায়" তাকেই কৰা এই দলটোৰ এজন সদস্য তৰংগ মহন্তই এদিন কৈ উঠিল " আমাৰ এই যে যি মন যায় তাকে কৰোঁ, বৰ ভাল লাগে ন। এনেকৈ যেন সদায় আমি হাঁহি ফুৰ্তি ৰে থাকিব পাৰোঁ।" তৰংগ মহন্তই কোৱা এই কথাখিনিকে ছিৰিয়াছলী লৈ শ্ৰীমান পাঞ্চজন্য ভূঞাই এদিন এই দলটোৰ নাম দিলে" মন যায়" ইয়াৰ পিছত আৰু "মনযায়" ৰৈ নাথাকিল। বিভিন্ন সামাজিক কাম যেনে বানপানীত ক্ষতিগ্ৰস্তক ৰিলিফ বিতৰণ, ৰক্তদান আদি কামত" মনযায়" জড়িত হৈ পৰিল।কাকতালীয় ভাবে এম মনিৰামে জুবিন গাৰ্গ আৰু নিশিতা গোস্বামীক লৈ ২০০৮ চনত নিৰ্মাণ কৰিলে এখন ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অসাধাৰণ বোলছবি " মন যায়" বোলছবিখনত সংগীত পৰিচালনাৰো দায়িত্বত থকা জুবিন গাৰ্গে সৃষ্টি কৰিলে এটা অভূতপূৰ্ব জনপ্ৰিয় গীত " মন যায়, মোৰো মন যায়, চকুত চকু থবলে" যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিনৰ এই মনযায় গীত আজিও সাংঘাতিক জনপ্ৰিয়, শুনিলে শুনি থাকিবৰ মন যোৱা।

এদিন হঠাৎ ধিংৰ পৰা এজনী যুৱতী ওলাই আহি সৰু সজাই ৰাণিং ট্ৰেকত খলকনি তুলিলে। হীমা দাস নামৰ এই এথলীট গৰাকীয়ে বহু কেইটা ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি পদক বুটলিলে আৰু অসমৰ গামোচা পিঠিত লৈ দৌৰি দৌৰি হাত দুখন বহলকৈ মেলি কৈ উঠিল " মন যায়" যেন ঠিক আমাৰ যুৱক যুৱতী হঁতৰ মনৰ কথাকে প্ৰতিফলিত 'ল। ইয়াৰ পিছত " মন যায়" এটা দ্ৰুততম জনপ্ৰিয় শব্দ হৈ উঠিল আৰু আমাৰ " মন যায়" গোট টোও জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত 'ল।

২০১৬ চন। হঠাৎ এদিন মোবাইলৰ হোৱাটচএপত এটা নতুন নাম জিলিকি উঠিল। " মন যায়" গোটটো খুলি চালোঁ, দেখিলোঁ আমি একেলগে বাজাজত চাকৰি কৰি অহা বহুকেইটা চিনাকি নাম, লগতে বহু কেইটা অচিনাকী নাম। সৃষ্টি ' " মন যায়" হোৱাটচএপ গোট। ইয়াৰ পাছতে গোটত বিভিন্ন আলোচনা। মোৰ অংশগ্ৰহণ বহুত কম হয়। এদিন বাজাজৰ সহকৰ্মী উৎপল হাজৰিকাই ফোন কৰিলে-" প্ৰতুল দা, আমি মন যায় গ্ৰুপে এইবাৰ বিহু পাতিবলৈ ঠিৰাং কৰিছোঁ। আপোনালোক আহিব লাগিব।" সেয়াই আৰম্ভণি। তাৰ পিছত মনযায় গোটৰ বহু অনুষ্ঠানত ভাগ ললো। ফাকুৱা, ৰঙালী বিহু, নতুন বছৰ, বৰদিন আদি বহুতো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান "মন যায়ে"অনুষ্ঠিত কৰিলে।

"মনযায়"বহুখিনি সদস্যই গুৱাহাটীৰ বাহিৰৰ। বেছিখিনিয়েই কৰ্পৰেটৰ চাকৰিয়াল। কৰ্পৰেটৰ ব্যস্ততাৰ মাজতো কিন্তু আমি সকলো " মন যায়" নামৰ গোটত একাত্ম হৈ পৰিলোঁ। বহুতো অচিনাকি মানুহ চিনাকি হৈ পৰিল, "মন যায়" এটা পৰিয়াল হৈ পৰিল। " মনযায়" পৰিয়ালৰ সদস্য শ্ৰদ্ধেয় আৰজু দাৰ তেখেতৰ ফাৰ্ম হাউচ " ৰেড হাউচত" মন যায়" অনুষ্ঠান বোৰ অনুষ্ঠিত হৈছিল। কন কন শিশুহঁতৰ কলকাকলিত মুখৰ হৈ উঠে " ৰেড হাউচৰ" বাকৰি। শিশু, মহিলা, যুৱতী আদিৰ বিভিন্ন খেল ধেমালি, ছবি অঁকা প্ৰতিযোগিতা, জেং বিহু, আৰু মনোৰঞ্জনৰ অৰ্থে অনুষ্ঠিত কৰা লটাৰী খেলে সাংঘাতিক জনপ্ৰিয়তা অৰ্জন কৰিলে। " মন যায়" বিহু মঞ্চত এই অভাজনেও স্ব ৰচিত কবিতা পাঠ কৰিবলৈ সুবিধা পাইছিলো। আমাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিলে শিল্পী বিজয় ভূঞাই, বিহু প্ৰদৰ্শন কৰিলে স্বনামধন্য শিল্পী খগেন গগৈ দেৱে। আমাৰ সদস্য আমাৰ সকলোৰে মৰমৰ জিতু বৰাই যেতিয়া হাতত গীতাৰ খন তুলি লয় সকলো যেন সন্মোহীত হৈ যায়।

প্ৰতিটো অনুষ্ঠানত সকলো সদস্যই দেহেকেহে কষ্ট কৰে। পৰশ হাজৰিকা, শশাংক তালুকদাৰ, মুনিন্দ্ৰ দেৱান, ধৈৰ্যশীল ডেকা, ইন্দুকল্প, ৰূপমকে আদি কৰি সকলোৱে দায়িত্ব সহকাৰে খুব সুন্দৰ ভাবে পৰিচালনা কৰে প্ৰতিটো অনুষ্ঠান( বহুতো সদস্যৰ নাম বাদ পৰি গৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী) লগতে হাত উজান দিয়ে গোটৰ মহিলা সকলেও।

এইবাৰো অন্য কেইবাৰৰ দৰে মে মাহৰ ১১তাৰিখে " মনযায়" বিহু অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু যোৱা ২১ তাৰিখে হৈ যোৱা বিষয় বাচনি সভাতএইবাৰ " মনযায়" গোটৰ স্মৃতিযুগমীয়া কৰিবলৈ এখন স্মৃতিগ্ৰন্থ প্ৰকাশকৰাৰ বাবে সিদ্ধান্ত লোৱা হয়।স্মৃতিগ্ৰন্থ এখন প্ৰকাশ হ'ব বুলি গমপাই মোৰ একলম লিখিবলৈ মন গ' "মনযায়" ওপৰত, কেনেকৈ বিভিন্ন ঠাইৰ পৰা আহি সকলো একেলগ হৈ এক সম্প্ৰিতী গঢ়ি তুলিছে, কেনেকৈ আমি সকলো এক মৰমৰ বান্ধোনেৰে বান্ধ খাই আছোঁ। " মনযায়" ৰ বহুতো ভবিষ্যত পৰিকল্পনা আছে। আশাকৰোঁ "মনযায়" এই ক্ষেত্ৰত সফল হ'ব। এই লেখাৰ বাবে আৰম্ভণিৰে পৰা লাগি থকা " পাঞ্চজন্য ভূঞাও ৰফে" পাঞ্চু" য়ে যথেষ্টখিনি তথ্য দি মোক সহায় কৰিলে। দীঘলীয়া কৰাৰ ইচ্ছা থাকিলেও স্মৃতিগ্ৰন্থখনৰ কলেবৰৰ কথা মনত ৰাখি কিবা অকনমান লেখাৰ চেষ্টা কৰিলোঁ।কিবা ভুল হ'লে অনুগ্ৰহ কৰি ক্ষমা কৰি দিব।

white printer paper on white table
white printer paper on white table